ফকৰা-যোজনা

১)অমাতৰ মাত, আকালৰ ভাত।

২)আইৰ ঘৰলৈ যাম দুহাতে খাম,
  বিধিয়ে বোলে মই পিছে পিছে যাম।

৩)আদাক দেখি উঠিল গা,
  কেঁতুৰিয়ে বোলে মোকো খা।

৪)আপুনি নঙঠা হৈ জগতক বৰ দিয়া,
  নিজে ভিক্ষা কৰি জগতক বিলোৱা।

৫)আপোন ভালেই জগত ভাল।

৬)আহক বাৰিষা কাটক পাত,
   ৰৈ যা ভিনিহি খাই যা ভাত।

৭)আঁহ লুকাব, বাঁহ লুকাব,
 গালৰ সোতোৰা কত লুকাব।

৮)আদাক দেখি উঠিল গা,
  কেঁতুৰিয়ে বোলে মোকো খা।

৯)আই আছে যদি খাই যা,
   আই নাই যদি চাই যা।

১০)আই সমান হব কোন,
   নৈ সমান বব কোন?

১১)আইলৈ যিহাত,
   বাইলৈকো সেয়ে হাত।

১২)আঁকালৰ ভাত,
   নিদানৰ মাত।

১৩)আঁকালো নাই,
   ভড়ালো নাই।

১৪)আগফালে মাৰো ডাং,
   পাচ ফালে ধোবাং বাং।

১৫)আঞ্জাত নেখায় লোণ,
   পিটিকাত যায় তিনি গুণ।

১৬)আছে কাপোৰ আছে জাৰ,
   নাই কাপোৰ নাই জাৰ।

১৭)ইকালত দুখ যাৰ,
  পৰকালত সুখ তাৰ।

১৮)ইয়াত মাৰিলে টিপা,
   গড়গাওঁ পালেগৈ শিপা।

১৯)এলেকৰ পেলেক,
   কুকুৰ চোৱাৰ ভাগিনীয়েক।

২০)এঘৰৰ পাট নাদ,
            এঘৰৰ জৰী।
   এঘৰে পানী তোলে,
        ঘটংমটং কৰি।।

২১)এখন তাল নেবাজে।

২২)এশ গৰু মাৰিলে বাঘৰো মৰণ।

২৩)এনেয়ে বুঢ়ী নাচনী,
   তাতে নাতিনিয়েকৰ বিয়া।

২৪)উদে ধৰে, কুৰুৱাই খায়।
   অমুকাৰ ডিঙিৰ কাঁইট এৰাই যায়।।

২৫)উলুৰ লগত বগৰী পোৰা।

২৬)উদক ভেঁটা ৰখীয়া পতা।

২৭)উভলা গছ দেখি আটায়ে বাগী কুঠাৰ মাৰে।

২৮)উৰহে কামোৰে ৰাতি,
   খঙত মাৰ খায় পাটি।

২৯)উপকাৰীক অজগৰে খায়।

৩০)কথা বুলিলেই বতাহ।

৩১)কলিয়াবৰত পৈয়েক মৰিল,
   ঢেঁকী দিওতে মনত পৰিল।

৩২)কোন কপালত সাধিম,
   পোৰ বিয়া পাতিম?

৩৩)কথাত কথা বাঢ়ে,
      খৰিকাত বাঢ়ে কাণ,
         মাকৰঘৰত জীয়াৰী বাঢ়ে,
           পথাৰত বাঢ়ে ধান।।

৩৪)কথাতেই কটা যায়,
   কথাতেই বঁটা পায়।

৩৫)কাকনো বুলিম ককা,
   আটাইৰে ডাঢ়ি চুলি পকা।

৩৬)কিনা হাঁহৰ ঠোঁটলৈকে মঙহ।

৩৭)কুকুৰৰ নেজ দীঘল হয়,
   নিজে পাৰি বহিব।

৩৮)খঙত পেট কাটি ছমাহলৈ শুকনী খোৱা।

৩৯)খাবলৈ পালে মোৰ ডোম,
   খাবলৈ নেপালে চোৰ ডোম।

৪০)খালত পৰা হাতীক শিয়ালে নেজ দেখুৱায়।

৪১)খাব জানিলে চাউলেই চিৰা,
  বহিব জানিলে মাটিয়ে পীৰা।

৪২)খাবৰ পৰত সাত ভাই,
   কামৰ পৰত কোনো নাই।

৪৩)খাবলৈ নাই কণটো,
   বৰ সবাহলৈ মনটো।

৪৪)খাবলৈ নেপালো জহা ধানৰ ভাত,
   শুনিবলৈ নেপালো অমাতৰ মাত।

৪৫)গছ কাটিলেই মুঢ়া,
   দাঁত সৰিলেই বুঢ়া।

৪৬)গোৰ মাৰি গঙ্গাত পেলোৱা।

৪৭)গাত নাই চাল-বাকলি,
   মদ খাই তিনি টেকেলি।

৪৮)গেলা ঘাত চেঙ্গা তেল ঢলা।

৪৯)ঘনকৈ খুটিয়ালে শিঙৰাও মাছ।

৫০)ঘঁহি থাকিলে শিলো ক্ষয় যায়।

৫১)ঘোঁৰা চাই ঘোঁৰী,
   বিধাতাই থৈছে জুৰি।

৫২)চৰণেহে জানে মৰণৰ ঠাই।

৫৩)চল চাই চাপৰি বজোৱা।

৫৪)চ’তৰ বিহুলৈ ছমাহ থাকোতেই হাত মেলি নচা।

৫৫)চকা বহিল পাটত,
   গিৰিহঁতনী উঠিল খাটত।

৫৬)চাপি আহ চুমা খাঁও,
   পেট ডাঙৰ ঢুকি নেপাঁও।

৫৭)চোৰে নেৰে চোৰ পৰকতি, কুকুৰে নেৰে ছাই।
   যাৰ যি পৰকতি আছে মৰিলেও লগতে যায়।।

৫৮)চুকতে থাকি বুকতে কামোৰা।

৫৯)ছাগৰ যিমান ভয়,
   বাঘৰো সিমান ভয়।

৬০)ছাগলে নেখায় কি,
   পাগলে নেগায় কি?

৬১)জলা জুইত ঘিউ ঢলা।

৬২)জনাৰ ভাত-মাছ,
   নজনাৰ গলগ্রহ।

৬৩)জীৰ নাতি জপনা কটি,
   পোৰ নাতি ধৰে আঁতি।

৬৪)জী ভালেই জোৱাই ভাল,
   আপোন ভালেই জগত ভাল।

৬৫)জীক দিলো জোৱাইৰ বুকুত,
   পোক দিলো বোৱাৰী বুকুত।

৬৬)টান পালে কৰে কাতৰ,
   ঢিলা পালে হয় আঁতৰ।

৬৭)টোপনি চিকুণ পুৱা,
     মাছৰ চিকুণ মোৱা,
        কটাৰিৰ চিকুণ গোৱা।

৬৮)টেঙা আম এবাৰহে বেচিবা।

৬৯)টেঙাৰ সোৱাদ ঔ,
   মাতৰ সোৱাদ বৌ।

৭০)ঠেক মন যাৰ,
   সমাজত ঠাই নাই তাৰ।

৭১)ঢিলা পালেহে ঠিলা মাৰে।

৭২)তেজ ধুলে উটে,
   মঙহ ধুলে নুটে।

৭৩)তালুত নাই চুলি তাকে বোলে তপা।
   কথাৰ ঠিক নাই তাকে বোলে লপা।।

৭৪)তিতা ও তিতা নেমু টেঙাৰ পাত,
   তাতকৈ তিতা মাহী আই মাত।

৭৫)দহ দেশ ফুৰে যি,
   দহ কথা শিকে সি।

৭৬)দহে মিলি কৰা কাজ,
   হৰা জিকা নাই লাজ।

৭৭)দহো আঙুলিয়ে খায়,
   বুঢ়াই হেচুকিলেহে যায়।

৭৮)দিন ভিক্ষা প্রাণ ৰক্ষা।

৮৯)দেহা থাকিলে বেহা,
   দেহা নহলে কিহৰ বেহা।

৯০)দায় নাই দেৱলীয়া,
   তিৰী নাই কেৱলীয়া।

৯১)দিন পৰিছে খালত,
      লাউ কোমোৰা নুঠে চালত,
   যিবা তুলি দিলো চালত,
      গুটি নধৰে ডালত।

৯২)দেখাক দেখি কুকুৰেও মানে একাদশী।

৯৩)দিব থব পাৰিলে ভাই ভনী,
   দিব নোৱাৰিলে কেৰোকাণি।

৯৪)ধন দিলে ধোবা,
   মেখেলাকো কোবা।

৯৫)ধন লবা লেখি,
   ধান লবা জুখি।

৯৬)ধাৰে কাটিলেও কটা,
   গদিৰে কাটিলেও কটা।

৯৭)ধান পকে মানে টুনিৰ মৰণ।

৯৮)ধান পুৰীয়া কঁঠাল পাতৰ তলতে লুকায়।

৯৯)ন চহকীৰ ধন,
   ধাৰে নিলেই মৰণ।

১০০)নকলে বোপায়ে চুৱাতে খায়,
   কলে আয়ে কিল খায়।

১০১)নকলেও নোৱাৰো ফটা মুখ,
   কলেও লাগে ৰাইজৰ দোষ।

১০২)নল মৰে গজালি উঠে।

১০৩)নাৰীৰ ষোল কলা,
   পুৰুষে কি পাব তলা নলা।

১০৪)নাকটো কাটিলে লাজ নেলাগে,
       নখটো কাটিলে মৰে।
    নাই বুলিয়েও নেৰে,
      কুঁহিয়াৰ পেৰাদি পেৰে।

১০৫)নাখাওঁ শালি ধানৰ ভাত,
    বোকাতো নিদিওঁ হাত।

১০৬)নাই পো-মুখে,
          নাই পো গোফে।
    নাই পো লনি,
          নাই পো ধনী।।

১০৭)নাই ৰঙামাটি,
   নাই গুৱাহাটী।

১০৮)নাও বুৰিলেও টিঙৰ পৰা ননমা।

১০৯)নানা দেশ ফুৰে যি,
   নানা কথা শিকে সি।

১১০)নাহাঁহিবা মোক,
    সোঁচৰিব তোক।

১১১)নাগিনীয়ে ল’ৰা পালে,
   নগাই জাল খালে।

১১২)নিলাজৰ লাজ নাই,
   কেকোঁৰাৰ মূৰ নাই।

১১৩)নিজৰ ভৰিত নিজে কুঠাৰ মৰা।

১১৪)নেৰিবা আদি মূল,
          নেৰিবা জাতি কুল,
                নেৰিবা বোলা বচন।

১১৫)পৰত আশ, বনত বাস।

১১৬)পৰৰ মূৰত খোৱা,
   ভটীয়া নাৱত যোৱা।

১১৭)পাপৰ ধন পৰাচিতত যায়।

১১৮)পিতৃ অবিহনে সংসাৰৰ পৰে ভাৰ,
    মাতৃ অবিহনে ভোজনৰ ছাৰ খাৰ।

১১৯)পেহীয়ে মাহীয়ে ভৰি আছে গাঁও,
    আই নাইকিয়া, লঘোনে যাওঁ।

১২০)পোলৈ বোৱাৰী চাওঁ,
   ঘূৰি ঘূৰি মোলৈহে পাওঁ।

১২১)পৈয়েকে বুলিলে কাজী,
    ভাল লাগিছে আজি।

১২২)ফটা বাঁহ জোৰা নেলাগে।

১২৩)বনৰ বাঘে নেখালেও মনৰ বাঘে খায়।

১২৪)বৰৰ দায় পিছলি যায়,
   সৰুৰ দায় খুচৰি খায়।

১২৫)বগা ভাত দেখিলে কলা কাউৰীৰ অভাৱ নাই।

১২৬)বাঘে-ঘোঙে লগে চৰে,
   কাকো পালে কেৱে নেৰে।

১২৭)বাহিৰত বৰ চুৰিয়াৰ ফেৰ,
   ভিতৰত ঢকুৱাৰ বেৰ।

১২৮)বাজিব লাজে টেমি-কটাৰী,
   বাজিছে হাঁচটি।

১২৯)বেজীৰ জলাকে মনে,
   কুঠাৰৰ জলাকো নমনে।

১৩০)বাচি খাবা,
   জাগি শুবা।

১৩১)বাটি খালে আঁটি যায়,
   লুকাই খালে ঢুকাই যায়।

১৩২)বহিব জানিলে মাটিয়েই পিৰা,
    খাব জানিলে চাউলেই চিৰা।

১৩৩)বাহিৰে ৰং চং,
   ভিতৰে কোৱা-ভাতুৰী।

১৩৪)বুঢ়াৰ কথা নুশুন একা,
   টানত পৰি কিয় কেঁকা।

১৩৫)বেঙেনা গছত হাকুটি লগোৱা।

১৩৬)বুঢ়া শালিকাই কি মাত লব?

১৩৭)বুঢ়ীৰ কি বন আছে,
   চাউলত ধান পেলাই বাচে।

১৩৮)ভকত পৰিল খালত,
   কুকুৰে কামোৰে গালত।

১৩৯)ভুকা কুকুৰে কামুৰিব নোৱাৰে।

১৪০)ভিতৰে গৰল,
   বাহিৰে সৰল।

১৪১)ভাজনৰ ভোজন,
   অভাজনৰ গলগ্রহ।

১৪২)ভীমক মানিলে গদাকো মানিব লাগে।

১৪৩)ভুকুতে কল নপকে।

১৪৪)ভোজৰ আগত,
   মেলৰ পাছত।

১৪৫)মন কৰিলেই চন।

১৪৬)বাকৰি মাটিতে ধন।

১৪৭)মাছ বুলি নেখায়,
   জি-জি বুলি খায়।

১৪৮)মাকে নেজানে তাঁতৰ বিহা,
   জীয়েকৰ গাত ফুলাম ৰিহা।

১৪৯)যমে নিলেও নিয়া,
   জোঁৱায়ে নিলেও নিয়া।

১৫০)যাৰ নাই ধান,
   তাৰ নাই মান।

১৫১)যাৰ নাই ধন,
   তাৰ কি মন।

১৫২)যাৰ খাবা লোণ,
   তাৰ গাবা গুণ।

১৫৩)ৰজা হয় ভিক্ষাৰী,
   হাতে লয় টোকাৰী।

১৫৪)ৰজা নাই পাটত,
   লোকে কিলায় বাটত।

১৫৫)ৰজা হলে এখন কাণ কলা,
   এটা চকু কণা।

১৫৬)ৰাম ভাল ৰাম ভাল,
   ৰাম নহয় যম কাল।

১৫৭)ৰাইজে নখ জোকাৰিলে নৈ বয়।

১৫৮)ৰৌ-বৰালী সৰকি গ’ল,
   পুঠি-খলিহনা পাহে পাহে ৰ’ল।

১৫৯)ল‘ৰাই পানী পেলায় বৰে পিছলি পৰে।

১৬০)লাজত নবয় ভাৰ,
   জোলোঙাই ভাঙে কামিহাড়।

১৬১)লাই পালে কুকুৰে গললৈকে জপিয়ায়।

১৬২)লোভেই পাপ,
   পাপেই মৃত্যৃ।

১৬৩)লুইতেহে জানে বঠা কিমানলৈ বহে।

১৬৪)শাহু থাকে মানে জোৱাই,
   আই থাকে মানে মোমাই।

১৬৫)শুই থকা শিয়ালে হাহঁ ধৰিব নোৱাৰে।

১৬৬)সময়ৰ এক শৰ,
   অসময়ৰ দহ।

১৬৭)সত্যৰ সদায় জয়।

১৬৮)সতিনী মৰিল ভালেই হ’ল,
    দুয়োখন মেখেলা মোৰেই হ’ল।

১৬৯)সমানে সমানে কৰিবা কাজ,
   হাৰিলে জিকিলে নাই লাজ।

১৭০)সাত পুৰুষত নাই গাই,
   কঁৰীয়া লৈ খীৰাবলৈ যায়।

১৭১)সাৱধানৰ মৰণ নাই,
   সজাগৰ বিপদ নাই।

১৭২)সোণাৰীয়ে সোণ চিনে,
             বৰাই চিনে কচু।
    কথা চহকীয়ে কথা চিনে,
             হাহেঁ চিনে কেচুঁ।।

১৭৩)হলা-গছ দেখিলে সকলোৱে বাগী কুঠাৰ মাৰে।

১৭৪)হবৰ দিনত কুকুৰেও মৈ টানে।

১৭৫)হাতত নাই ধন,
   বৰ সবাহলৈ মন।

১৭৬)হৰিণাৰ মাংসই বৈৰী।

১৭৭)হাবিৰ জুই দেখি,
   মনৰ জুই নেদেখি।

১৭৮)হাহঁ চোৰৰ মূৰত পাখি,
   কঁঠাল চোৰৰ এঠাই সাক্ষী।

১৭৯)হাল বায় ৰাতিৰে পৰা,
   ভাতে নাটে কাতিৰে পৰা।

১৮০)হাতীৰ গা হাতীয়ে নেদেখে।

১৮১)হাতীয়ে মাউতে যায় তল,
   শহাই সুধিছে কিমান জল।

১৮২)আছে দান দিয়া,
   নাই সমিধান দিয়া।

১৮৩)আজি নগদ কালি বাকী,
   কেতিয়াও নাহে সেই কালি।

১৮৪)ঘৰৰ ঘৈণী, ল’ৰাৰ মাক,
   তোমাক নুসুধি সুধিম কাক?

১৮৫)ঘৰত মিল নাই ইটিৰ সিটিৰ,
   সি কি পাতিব আনত মিতিৰ।

১৮৬)হাতী চুৰ কৰি নিয়ে,
   বেঙেনা চোৰক ধৰে।

১৮৬)অচিন কাঠৰ থোৰাকো নলগাবা,
   অচিন লোকক থাকিবলৈ নিদিবা।

১৮৭)হাতী ঘোঁৰাই নাপায় থাউনি,
    ভেৰাই সোধে কিমাননো পানী।

১৮৮)অতিৰ লগত যতি মৰে,
   উলুৰ লগত বগৰি পোৰে।

১৮৯)হাতী শুৱনি দাঁতে,
   তিৰোতা শুৱনি মাতে।

১৯০)হাতীৰ খাৱনেৰে খুৱাবা,
   বাঘৰ চকুৰে চাবা।

১৯১)হেজাৰ লাউ ডাঙৰ হওক,
    পাতৰ হে তলত।

১৯২)হাতে নেমাৰি ভাতে মৰা ।

১৯৩)হওক নহওক ৰোৱনী,
    পথাৰ খন শুৱনী।

১৯৪)হলা-গছত বাগী কুঠাৰ মৰা।

১৯৫)আইৰ ঘৰত যাম,চাৰিহাতে খাম;
বিধাতাই বোলে মইও পিছে পিছে যাম।

১৯৬)জীয়াই থাকোতে মাৰে চৰ-লাথি,
মৰাৰ পিছত দিয়ে শ্রীআঙঠি।                          

১৯৭)অহ লুকুৱাবি বহ লুকুৱাবি,
গালৰ শোতোৰা-শোতোৰি ক'ত লুকুৱাবি!         

১৯৮)হ’ব চলি বুলিব বাপ,
তেহে গুচিব মনস্তাপ।

১৯৯)খচখচ পচলা, মাৰ মূৰ খাওঁ,
নহয় বাচা বোৱাৰীয়েহে কূটা,
অ' সেইকাৰণে মোৱা আলু হেন পাওঁ!

২০০)খাব নোৱাৰাৰ বৰ হাথা(হাত),
কৰিব নোৱাৰাৰ বৰ কথা।

২০১)খঁকুৱাই পাত কাটে,
নিখঁকুৱাই বোলে মোক মাটিতে দে।

২০২)খুদৰ পেটত ভাত হলে ওকোল-মোকল কৰে,
কানিৰ গাত কাপোৰ হলে ক'ত লম ক'ত থম কৰে।

২০৩)বলী-নিৰ্বলীৰ কিহৰ হতাহতি,
ধনী দুখীয়াৰ কিহৰ মাতামাতি।

২০৪)সপ্তাহে সপ্তাহে দাত শিল,
মাহেকে-পষেকে তিৰীক কিল।

Popular posts from this blog

চৰ অঞ্চলৰ ফকৰা যোজনা

চৰ অঞ্চলৰ ফকৰা যোজনা