Posts

Showing posts from December, 2014

ফকৰা-যোজনা

১)অমাতৰ মাত, আকালৰ ভাত। ২)আইৰ ঘৰলৈ যাম দুহাতে খাম,   বিধিয়ে বোলে মই পিছে পিছে যাম। ৩)আদাক দেখি উঠিল গা,   কেঁতুৰিয়ে বোলে মোকো খা। ৪)আপুনি নঙঠা হৈ জগতক বৰ দিয়া,   নিজে ভিক্ষা কৰি জগতক বিলোৱা। ৫)আপোন ভালেই জগত ভাল। ৬)আহক বাৰিষা কাটক পাত,    ৰৈ যা ভিনিহি খাই যা ভাত। ৭)আঁহ লুকাব, বাঁহ লুকাব,  গালৰ সোতোৰা কত লুকাব। ৮)আদাক দেখি উঠিল গা,   কেঁতুৰিয়ে বোলে মোকো খা। ৯)আই আছে যদি খাই যা,    আই নাই যদি চাই যা। ১০)আই সমান হব কোন,    নৈ সমান বব কোন? ১১)আইলৈ যিহাত,    বাইলৈকো সেয়ে হাত। ১২)আঁকালৰ ভাত,    নিদানৰ মাত। ১৩)আঁকালো নাই,    ভড়ালো নাই। ১৪)আগফালে মাৰো ডাং,    পাচ ফালে ধোবাং বাং। ১৫)আঞ্জাত নেখায় লোণ,    পিটিকাত যায় তিনি গুণ। ১৬)আছে কাপোৰ আছে জাৰ,    নাই কাপোৰ নাই জাৰ। ১৭)ইকালত দুখ যাৰ,   পৰকালত সুখ তাৰ। ১৮)ইয়াত মাৰিলে টিপা,    গড়গাওঁ পালেগৈ শিপা। ১৯)এলেকৰ পেলেক,    কুকুৰ চোৱাৰ ভাগিনীয়েক। ২০)এঘৰৰ পাট নাদ,             এঘৰৰ জৰী।    এঘৰে পানী তোলে,         ঘটংমটং কৰি।। ২১)এখন তাল নেবাজে। ২২)এশ গৰু মাৰিলে বাঘৰো মৰণ। ২৩)এনেয়ে বুঢ়ী ন